Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

অসফল প্ৰেম

তুমি আনৰ হাতৰ সেন্দুৰ লোৱা আগত মোৰ মনৰ পৰা তোমাৰ মৰম ভালপোৱাৰ স্মৃতি বোৰ মচি দি যাবা নহলে মই কেনেকৈ সহিম ইমান দুখ?মই মোৰ জীৱনটোৰ বিনিময়তো তোমাক বিছাৰো।কিদৰে বুজালে বুজিবা তুমি তোমাৰ মিঠা মিঠা প্ৰেমৰ প্ৰতিশ্ৰুতি বোৰ।সৰু সৰু অভিমানবোৰ। তুমি হয়তো কেতিয়াও কল্পনা কৰা নাই শৰবিদ্ধ চৰাই এটাৰ কৰুণ মৰ্মবেদনা। তুমি হয়তো কেতিয়াও অনুভৱ কৰা নাই পিয়াহ পলুৱাবৰ বাবে মৰুভূমিত অলপ পানীৰ বাবে ছট-ফটাই মৃত্যু হোৱা জীৱ এটাৰ কৰুণ-বিননি। যদি তুমি আজি মোৰ এই ভগ্ন হৃদয়ৰ আৰু সেমেকা চুকুৰ চকুলোৰ আৰত লুকাই থকা কৰুণ- বেদনা উপলব্ধ কৰিব পৰা হ'লে হয়তো তুমি মোক শেষ বাৰৰ বাবে নামাতিলা হেতেন তুমি আজি প্ৰেমক টকাৰ লগত ৰিজাইছা। প্ৰেমক কেতিয়াও টকাৰে জুখিব নোৱাৰি, প্ৰেম ভালপোৱা কৰিবলৈ হ'লে এটা সৎ মন লাগে। এই কথাটো তুমি আজি নুবুজিলেও এদিন বুজি পাবা। যিদিনা তুমি বহুত অট্যৱন্ত আৰু সমাজত সকলোৰেই চকুত লগা হবা কিন্তু তোমাৰ মনৰ কথা কবলৈ তোমাৰ পতিক দিনত এবাৰো বিচাৰি নাপাবা। কাইলৈ তোমাৰ বিয়া। তোমাৰ জীৱনৰ আটাইতকৈ আনন্দৰ দিন। তোমাক আৰু আমনি নকৰো। তোমাৰ সুখেই সকলোৰেই সুখ। সকলোতকৈ বেছি সুখী হ'ব সেইজন ব্যক্তি যিজন ব্যক্তি সকলো সময়তে তোমাৰ আছিল আৰু তোমাৰ হয়েই থাকিব এদিন অনুভব হ'ব চাবাচোন,,জীৱনৰ শেষ মুহৰ্তত যেতিয়া উপনিত হ'বা অাৰু তুমি শেষ মুহুৰ্তৰ বাবে পিছলৈ উভতি চাবা,,তেতিয়া দেখিবা যে অ'' মোক দেখুন ভালপোৱা এতিয়া এজনো নাই।।ক'ত গ'ল সেই তোমাৰ হৃদয়ত মোৰ ঠাইত অানৰ বাবে জমা হোৱা প্ৰেমবোৰ,,ক'ত গ'ল সেই সপোনৰ হাহিৰ খিল খিলনি বোৰ।। তেতিয়া হয়তো হঠাৎ মোলৈ এবাৰ মনত পৰিব,,,,যে সচাকৈ সি ঠিকেই কৈছিল সেই মুহুৰ্তত,,, যে মোৰ দৰে কোনেও তোমাক ভালপাব নোৱাৰে এটিয়াও অাৰু হয়তো অাগলৈও।। তেতিয়া হয়তো সেই মহান কবিজনৰ কথাই তোমাক অামনি কৰিব যে অতীতক মানুহে পাহৰি যাই কিন্তু অতীতে যে কেতিয়াও নাপাহৰে অানক দিয়া দুখবোৰ,,যান্ত্ৰণা বোৰৰ কথা।। সেইদিনৰ পৰাই তোমাৰো অাৰম্ভ হ'ব নিদ্ৰাবিহীন ৰাতিৰ।। বাগৰ সলাই সলাই তুমিও ধাৰ মাৰিব লাগিব মোৰ চকুৰ টোপালবোৰৰ।। অাৰু সচাকৈ তেতিয়া তোমাৰো সাক্ষী হৈ ৰ'ব চকুৰ তলৰ সেই ক'লা দাগবিলাক ।যাৰ প্ৰতিতো দাগেই সোৱৰাই দিব মোক এৰি যোৱাৰ কিছুমান স্মৃতি।।যাৰ কাৰণ একমাত্ৰ তুমি নিজেই।। তোমাৰ অতীত।।
3.4k views
7 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post