Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

হোৱাটচ এপ স্টেটাছ

গৰুৰ বিষয়ে ৰচনা... গৰু এবিধ ডাঙৰ জন্তু ৷ ইয়াক চাৰিঠেঙীয়া জন্তু বোলে ৷ সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে ৷ আগৰ দুখন আগ ঠেং, পাছৰ দুখন পাছ ঠেং ৷ ইয়াৰ দুটা চকু, দুখন কাণ, দুটা ফুটা থকা এটা নাক, আৰু এডাল নেজ ৷ ইয়াৰ নেজডাল বৰ দীঘল আৰু ধুনীয়া, মাইকী মানুহৰ বেণীডালৰ নিচিনা ৷ মতা আৰু মাইকী দুয়োবিধ গৰুৰে নেজ থাকে ৷ মাইকী গৰুৰ নেজ বিলাকত চুলি বেছি থাকে ৷ ই ঘৰচীয়া যদিও ই ঘৰত নাথাকে, গোহালিতহে থাকে ৷ কিছুমান গৰুৰ শিং থাকে, কিছুমানৰ নাথাকে, কাৰণ সিহঁতে লাও খায় ৷ সেইবাবে সিহঁতক লাওখোৱা গৰু বুলিও কয় ৷ জাতিলাও, ৰঙালাও, পানীলাও আদি বহুতো প্ৰকাৰৰ লাওখোৱা গৰু আছে ৷ সাধাৰণতে গৰুৱে ঘাঁহ খায় ৷ নহলে যি পায় তাকে খায় ৷ বিহাৰী গৰুৱে চাধাও খায় ৷ আজিকালি গৰুৱে প্লাষ্টিকৰ পেকেটো খায় ৷ সেইবিলাক গৰুৰ গাখীৰ প্লাষ্টিকৰ পেকেটত ওলায় ৷ যেনে: পূৰবী, আমূল, সৰস ইত্যাদি ৷ সেইবিলাক দোকানতো পোৱা যায় ৷ নেমুটেঙা বেছিকৈ খোৱা গৰুৰ গাখীৰ ফাটে ৷ কিছুমান গৰুৱে দৈ গাখীৰ দিয়ে, কিছুমানে ক্ৰিম দিয়ে আৰু বেছি ঠাণ্ডা ঠাইৰ গৰুৱে মাখন দিয়ে ৷ মৰুভূমি আদি অতি শুকান ঠাইৰ গৰুৱে পাউডাৰ গাখীৰ দিয়ে ৷ গৰুয়ে হাঁহিলে বৰ ধুনীয়া দেখি কাৰণ ইয়াৰ দাঁত এপাৰি ৷ গৰুৱে সকলো কাম শ্লো- মোচনত কৰে ৷ এবাৰত ঘাঁহ চোবাবই নোৱাৰে ৷ এবাৰ খোৱাৰ পাছত আকৌ বমি কৰি সেইবিলাক পাছত দুঘন্টামান চোবাই চোবাই থাকে ৷ তাকে পাগুলা বুলি কয় ৷ কাম নাথাকিলে গৰুৱে তেনেকৈ টাইম পাছ কৰে ৷ মানুহেও গৰুৰ নিচিনাকৈ টাইম পাছ কৰিবলৈ চুইং গাম আবিষ্কাৰ কৰিছে ৷ যেনে: হেপি ডেন্ট, চেন্টাৰ ফ্ৰেচ , বাবুল গাম ইত্যাদি৷ বাবুল গামত ডাবুল টাইম পাছ হয় ৷ কিছুমান গৰু ৰাস্তাত থিয় দি থাকে৷ সিহঁতক স্পিড ব্ৰেকাৰ গৰু বোলা হয় ৷ সিহঁত মানুহৰ নিচিনাই ৷ হৰ্ণ শুনিলেও ৰাস্তা এৰি নিদিয়ে ৷ যেন ৰাস্তাটো সিহঁতৰ শহুৰেকৰ হে ৷ শাক- পাচলিৰ বজাৰত ঘূৰি ফুৰা গৰু বিলাকে দোকানে-দোকানে চান্দা উঠাই ফুৰে কাৰণে সিহঁতক চিণ্ডিকেট গৰু বোলা হয় ৷ গৰু বৰ উপকাৰী ৷ কেতিয়াবাহে খং উঠিলে খোঁচে ৷ গৰুৱে হাল বাব জানে, গৰুগাড়ী চলাবও জানে ৷ আৰু বহুত কাম কৰিব জানে ৷ গৰুৱে হাগিলে যি পদাৰ্থ ওলায়, তাকে গোৱৰ বোলে ৷ ই দেখাত সেউজীয়া ৰঙৰ ৷ খুব পনীয়া গোবৰ ওলালে চেৰেলিউৱা বুলি কোৱা হয় ৷ আন্ধাৰত গোৱৰ গচকিলে বৰ খং উঠেll কিছুমান গৰুৱে মেট্ৰিক পৰীখ্যাৰ বহী খায় সেইবোৰক examiner গৰু বুলী জনা যায়।
11.8k views
9 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post