Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

কৌতুক

বন্ধৰ দিন বুলি এপাক ওলাই যাবৰ মন গ'ল৷ . বাইকত ঠান্ডা লাগে ৷ গাড়ীখন চালো, তেল নাই৷ . পকেটত আছে মাত্ৰ 250 টকা ৷ দুই লিটাৰ তেলৰ দাম 150 টকা ৷ . লগে লগে মনত পৰিল খোজকঢ়া স্বাস্থ্যৰ কাৰণে ভাল ৷ না না, মই পইছাৰ কথা ভাবি গাড়ী নচলোৱাকৈ থকা নাই ৷ ইভিনিং ৱাক এটা বৰ জৰুৰী ৷ পইছা ডাঙৰ কথা নহয় ৷ . খোজকাঢ়ি গৈ থাকোতে মূৰ্গীৰ দোকানখন দেখি জিভা লকলকাই উঠিল ৷ . ঠান্ডাৰ দিনত মূৰ্গীৰ আঞ্জাৰে ভাত খোৱা আমেজেই বেলেগ ৷ . দাম সুধিলো 240 টকা কিলো ৷ . লগে লগে মনত পৰিল জীৱহত্যা মহাপাপ ৷ নাখাও ৷ পইছাৰ কথা নাই, মোৰেল ইচ্যু ৷ . . অলপদুৰ গৈ ভাবিলো গৰম চাহ একাপ ৰসোগোল্লা এটাৰ লগত খোৱা যাওক ৷ . মনত হিচাব কৰিলো চাহ 10 টকা, গোল্লা 15 টকা ৷ 10+15= 25 ৷ . লগে লগে মনত পৰিল গোল্লা বেছি খালে ডাইবেটিছ হোৱা ভয় ৷ চাহ খালে এচিডটিও হব পাৰে, নাখাও ৷ পইছাৰ কথা নহয় ৷ আগবিঢ়িলো.... ৷ . ইমানদুৰ খোজকাঢ়ি অলপ ভোক লগা আৰম্ভ হ'ল ৷ চাওমিন এক প্লেটেই খাই দিও নেকি? . দোকানৰ বোৰ্ডত দাম লিখা আছে - চাওমিন এক প্লেট 60 টকা ৷ . লগে লগে মনত পৰি গ'ল ফাষ্ট ফুড দেহৰ কাৰণে অত্যন্ত ক্ষতিকাৰক ৷ নাই, নাই নাখাও ৷ হেল্থৰ কথা৷ পইছা ডাঙৰ কথা নহয় ৷ . আহি আহি ৰাজগড় ৰোডৰ মধুশালা ৱাইন শ্বপ পালো ৷ . এনেই এবাৰ বটলবোৰ চাও বুলি সোমালো ৷ লগে লগে একো মনত নপৰা হল ৷ . . . . "ৰয়েল চেলেঞ্জ কোৱাৰ্টাৰ এটাৰ দাম কিমান?" - দাদা 120 টকা . . . . লগে লগে মনত পৰিল ................মোৰ পকেটত দেখোন 250 টকা আছেই ৷ ধুৰ্, কিহৰ কোৱাৰ্টাৰ, হাফ এটাকে দে ৷ পইছা ডাঙৰ কথা নহয় . 😛😋
5k views
7 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post