ShareChat
বুধবাৰে অসম বন্ধ! . . কোচ ৰাজবংশীক চৰকাৰে বঞ্চনা কৰাৰ অভিযোগ কোচ ৰাজবংশী সন্মিলনীৰ। ১৩ ফেব্ৰুৱাৰীত অসম বন্ধৰ আহ্বান। পূৰ্বৰ চৰকাৰৰ দৰে বিজেপিয়েও কোচ ৰাজবংশী সন্মিলনীয়ে দিয়া প্ৰস্তাৱিত দাবী কাৰ্যকৰী নকৰাৰ অভিযোগ। পূৰ্বে ১২ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল অসম বন্ধ। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য কৰি ১৩ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হ’ল বন্ধ। অত্যাৱশ্যকীয় সেৱা সমূহক ৰেহাই দিয়াৰ ঘোষণা। এক প্ৰেছ বিবৃতি যোগে ঘোষণা কৰিলে সন্মিলনীৰ সাধাৰণ সম্পাদক হিমু ৰাজবংশী আৰু প্ৰচাৰ সম্পাদক কুমাৰ দিলীপ নাৰায়নে। #📰 আজিৰ শীৰ্ষ বাতৰি