Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

স্বাস্থ্যৰ পৰামৰ্শ

অসমীয়াই খাই আছে মৃত, গেলা পচা মাংস """"""""""""""""""""""""""""""""""""""""""" বুঢ়া, বেমাৰী জীৱ-জন্ত মৰিলে আমি নিৰ্দিষ্ট পেলনীয়া স্থানত পেলাই দিও বা পুতি থও। কিন্তু এই গেলা-পচা , মৃত জন্তুৰ মাংস এচাম অসমীয়াই তৃপ্তিৰে খাই আছে। অসমৰ বাহিৰৰ ৰাজ্যত নানান বেমাৰত মৰা , বুঢ়া হৈ মৰা বা কোনো দূৰ্ঘটনাত মৰা জীৱ-জন্তু পেলনীয়া স্থানত পেলাই দিয়াৰ পিছত গেলিব,পচিব ধৰা জীৱ-জন্তু কলিকতাৰ এক ব্যৱসায়ী চক্ৰই সংগ্ৰহ কৰে। কুকুৰ, মেকুৰী, শিয়াল, বান্দৰ, গৰু , ছাগলী, মহ ইত্যাদি পেলনীয়া জন্তু সংগ্ৰহ কৰি চাফা কৰি লোৱা হয়। পিছত কাটি টুকুৰা টুকুৰ কৰি মাংসখিনিত ফৰ্মেলিন সানি দিয়া হয়। এই ফৰ্মেলিন হৈছে এনে এবিধ ৰাসায়নিক পদাৰ্থ , যি পদাৰ্থ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শৱচ্ছেদন কৰা শ সংৰক্ষন কৰাত ব্যৱহাৰ কৰা হয়। ৫০ মিলি লিটাৰ ফৰ্মেলিনৰে এটা মৃতদেহ সংৰক্ষন কৰিব পাৰি। ইয়াৰ পিছত কেলছিয়াম প্ৰোপলেট এচিড মিহলোৱা হয় যাতে এই মাংস অধিক দিন সংৰক্ষন হৈ থাকিব পাৰে। দূৰ্গন্ধ আতৰ কৰাৰ কাৰণে ক্ৰমে লেড ছালফেট আৰু এলুমিনিয়াম ছালফেট নামৰ ৰাসায়নিক দ্ৰব্য গেলা-পচা মাংসত সানি দিয়া হয় অথবা এই ৰাসায়নিক পদাৰ্থৰ দ্ৰৱত ডুবাই ৰখা হয়। ইয়াৰ ফলত গেলা-পচা মাংসৰ দূৰ্গন্ধ নোহোৱা হয়। তাৰোপৰি এলুমিনিয়াম ছালফেট নামৰ বিষাক্ত পদাৰ্থৰ কাৰণে মাংসৰ সোৱাদ স্বাভাৱিক হৈ পৰে। ইয়াৰ পিছত এই বিষাক্ত মাংস প্লাষ্টিকৰ পেকেটত ভৰাই সুন্দৰ ভাৱে পেকেজিং কৰি "ফ্ৰ'জেন মীট" বা "প্ৰছেচ মীট" বুলি ধুনীয়াকৈ লিখি অসমলৈ পঠিয়াই দিয়া হয়। ডিপাৰ্টমেন্টেল ষ্টৰ, শ্বপিং মলৰ পৰা এই ফ্ৰ'জেন মীট আৰু প্ৰছেচ মীট কিনি আনি আমাৰ অসমীয়া সকলে তৃপ্তিৰে হেপাঁহ পলুৱাই খায়। তাৰোপৰি এই ফ্ৰ'জেন মীট আৰু প্ৰছেচ মীট হোটেল, ৰেষ্টুৰাৰ মালিকে কিনি আনি গ্ৰাহকক খুৱাই আছে। পাছবছৰ এইদৰে মাংসৰ ব্যৱসাই কৰি অহা অসাধু ব্যৱসায়ী কিছুমানক ইতিমধ্যে কলিকতাৰ পুলিচে আতক কৰিছে। ফ্ৰজেন মীট আৰু প্ৰছেচ মীট সকলোৱে বৰ্জন কৰক। ডা:মনোজ কুমাৰ শইকীয়া মবাইল নম্বৰ- 9435209704
4.3k views
6 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post