আপোনাৰ ভাষা সলনি কৰক
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
সাৱধান! আহি আছে ভয়ানক কোৰোণা ভাইৰাছ, এইপৰ্যন্ত ৯জনৰ মৃত্যু ভাৰততো এই ভাইৰাছক লৈ গ্ৰহণ কৰা হৈছে সতৰ্কতা। ভাৰতীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে মঙলবাৰে চেন্নাই, বাংগালুৰু, হায়দৰাবাদ আৰু কোচী বিমানবন্দৰত চীনৰ পৰা অহা যাত্ৰীৰ পৰীক্ষা কৰাৰ অনুমতি প্ৰদান কৰিছে।NEWS18 ASSAMLAST UPDATED: JANUARY 22, 2020, 3:26 PM ISTSHARE THIS:চীনত কোৰোণা ভাইৰাছে সৃষ্টি কৰিছে সন্ত্ৰাসৰ। এই ভাইৰাছৰ সংক্ৰমণৰ ফলত এতিয়ালৈ ৯জন লোকৰ মৃত্যু হৈছে। আমেৰিকাতো এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহিছে।কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ ৯জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪৪০জন লোক আক্ৰন্ত হৈছে চীনত। বেইজিং স্বাস্থ্য আয়োগৰ উপ–মন্ত্ৰী লী বিনে কয় যে কোৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সকলোতকৈ প্ৰথমে শ্বাস–প্ৰশ্বাসত কষ্ট হয়, তাৰ পিছত ডিঙিৰ বিষ, জ্বৰ, কাঁহ, চৰ্দি আদি লক্ষ্যণে দেখা দিয়ে।আমেৰিকাৰ স্বাস্থ্য বিভাগে মঙলবাৰে দেশখনত এই ভয়ংকৰ ভাইৰাছৰ অৱস্থিতি ধৰা পেলাইছে। ৱাশ্বিংটনৰ সমীপত এজন ৩০ বছৰীয়া যুৱকৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ অৱস্থিতি। এই ভাইৰাছৰ প্ৰতিষেধক আৱিষ্কাৰ কৰাৰ চেষ্টা অব্যাহত আছে।আনহাতে, ভাৰততো এই ভাইৰাছক লৈ গ্ৰহণ কৰা হৈছে সতৰ্কতা। ভাৰতীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে মঙলবাৰে চেন্নাই, বাংগালুৰু, হায়দৰাবাদ আৰু কোচী বিমানবন্দৰত চীনৰ পৰা অহা যাত্ৰীৰ পৰীক্ষা কৰাৰ অনুমতি প্ৰদান কৰিছে। বৰ্তমান দিল্লী, মুম্বাই আৰু কলকাতা বিমানবন্দৰত পৰীক্ষা–নিৰীক্ষা কৰি থকা হৈছে। কোৰোণা ভাইৰাছৰ স্ক্ৰীণিঙৰ বাবে সকলো বিমানবন্দৰত শীঘ্ৰে লজিষ্টিক ছাপ’৸ৰ্টৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে।উল্লেখযোগ্য যে য়ুহান চহৰত কোৰোণা ভাইৰাছৰ প্ৰথমটো ঘটনা বিগত বৰ্ষৰ ডিচেম্বৰত পোহৰলৈ আহিছিল। তাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে সংক্ৰমণ ঘটিছে এই ভাইৰাছৰ। বিশ্ব স্বাস্থ্য সংস্থায়ো এই বিষয়টোক লৈ বুধবাৰে জুৰুৰীকালীন বৈঠকৰ আহ্বান জনাইছে।
#

😱 আহি আছে কোৰোণা ভাইৰাছ

😱 আহি আছে কোৰোণা ভাইৰাছ - ShareChat
218 চাওক
4 ঘন্টাৰ আগত
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post