Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

বিচাৰ

১৷ যদি কোনোবাই অতিমাত্ৰা হাঁহি থাকে, তেন্তে তেওঁ ভিতৰি ভিতৰি বহুত অকলশৰীয়া হয় ৷ . ২৷ যদি কোনোবাই অতিমাত্ৰা শুই থাকে তেন্তে তেওঁ ভিতৰি বহুত দুখী হয় । . ৩৷ যদি কোনোবাই নিজকে মজবুত দেখুৱাই আৰু কান্দিব নোৱাৰে, তেন্তে তেওঁ ভিতৰি ভিতৰি বহুত কমজোৰ হয় । . ৪৷ যদি কোনোবাই সৰু সৰু কথাতেই কান্দি দিয়ে, তেওঁ কোমল অন্তৰৰ হয় । . ৫৷ যদি কোনোবাই প্ৰতিটো কথাতেই অভিমান কৰে, তেন্তে তেওঁ ভিতৰি ভিতৰি মৰম আকলুৱা হয় । . ৬৷ মানুহক বুজাবলৈ চেষ্টা কৰক, জীৱনটোৱে কাৰো বাবেই অপেক্ষা নকৰে ৷ . ৭৷ মানুহক অনুভৱ কৰাওঁক যে তেওঁলোক আপোনাৰ বাবে কিমান মহত্বপূৰ্ণ । . ৮৷ যদি জীৱনত কিবা এটা পাম বুলি ভাবিছে, তেন্তে পথ সলনি কৰক, সংকল্প নহয় । . ৯৷ যদি বিবাহ যাত্ৰীৰ নাচ-বাগৰ বাবে আপুনি আপোনাৰ গাড়ীৰ হৰ্ণ বজাই বিৰক্ত হোৱাতকৈ অলপ আপুনিও তেওঁলোকৰ লগত নাচি-বাগি আনন্দ কৰক, সময় সমানেই লাগিব। . ১০৷ এই কলিযুগত পইচাৰ বাবে মানুহ যিমান তললৈ নামে, পইচাৰ মুল্যও সিমান তললৈ নানামে ৷ . ১১৷ ৰাস্তাৰ কাষত মন্দিৰ এটাত প্ৰাৰ্থনা নকৰিলেও কোনো কথা নাই, কিন্তু পৰাপক্ষত এম্বুলেঞ্চ এখন দেখিলে এবাৰ হলেও ভগৱানৰ নাম ল'বা, কি ঠিক তোমাৰ প্ৰাৰ্থনাৰ বাবেই কিজানি এজনৰ ভাগ্য মুকলি হয় । . ১২৷ যাৰ নিজৰ ওপৰত বিশ্বাস আছে, তেওঁ হাজাৰবাৰ হাৰিও কোনোদিনেই পৰাজিত নহয় । . ১৩৷ বাদাম, গাখীৰ বা পুষ্টিকৰ খাদ্য খালে ইমানখিনি জ্ঞান কেতিয়াও নহয়, যিমানখিনি কাৰোবাৰ পৰা প্ৰৱঞ্চিত হলে হয় । . ১৪৷ সদায় এটা কথা মনত ৰাখিব, আপোনাৰ সুখ দেখি আপোনাৰ শত্ৰুজনেই আটাইতকৈ কষ্ট পায় ৷ . ১৫৷ ধুনীয়া মানুহবোৰ সদায় ভাল নহবও পাৰে, কিন্তু ভাল মানুহবোৰ সদায় ধুনীয়া হয়। . ১৬৷ সমন্ধ আৰু ৰাষ্টা দুয়ো এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ।কেতিয়াবা সমন্ধবোৰ ৰক্ষা কৰিবলৈ যাওঁতে ৰাষ্টা বন্ধ হৈ যায় আৰু কেতিয়াবা ৰাষ্টাত গৈ থাকোতে কিছুমান সমন্ধ গঢ়লৈ উঠে !!! . ১৭৷ প্ৰকৃত মানুহৰ পৰিচয় তেওঁৰ মুখৰ কথাতেই প্ৰকাশ পাই, নহলে সুন্দৰ সুন্দৰ বাণীবোৰটো হৰ্ডিঙটো পঢ়িবলৈ পোৱা যায় । . ১৮৷ পৃথিৱীত কোনো কামেই অসম্ভৱ নহয়, মাত্ৰ একাগ্ৰতা আৰু ধৈৰ্য্যৰ প্ৰয়োজন । . ১৯৷ প্ৰথমে মই বেছিচালাক আছিলো, সেয়ে আনক সলনি কৰিব গৈছিলো । এতিয়া মই বুদ্ধিয়ক হৈছো, সেয়ে নিজে নিজেই সলনি হৈছো.... . ২০৷ যিসকলে নিজৰ কামক বিশ্বাস কৰে তেওলোকে চাকৰি কৰে আৰু যিসকলে নিজক বিশ্বাস কৰে তেওলোকে ব্যৱসায় কৰে ৷
11.2k views
7 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post