@niyomiyabarta
@niyomiyabarta

Niyomiya Barta

নিয়মীয়া বাৰ্তা হৈছে এখন অসমীয়া দৈনিক বাতৰি কাকত। এই অসমীয়া বাতৰি কাকত খন ২০১১ চনৰ ৪ মাৰ্চৰ পৰা প্ৰকাশিত হয়। প্ৰাইড ইষ্ট এণ্টাৰটেনমেন্ট হৈ নিয়মীয়া বাৰ্তা প্ৰকাশিত হৈছে। নিয়মীয়া বাৰ্তা মূলমন্ত্ৰ হৈছে স্বেদেশ আৰু স্বজাতিৰ সেৱাৰ বাবে দৃঢ় সংকল্পৰে।

জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ ফলাফল ঘোষণাত স্থগিতাদেশ
#

খবৰ

জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ ফলাফল ঘোষণাত স্থগিতাদেশ - নিয়মীয়া বাৰ্তা
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণাত স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। একাংশ প্ৰাৰ্থীৰ ৰাজহুৱা স্ৱাৰ্থজনিত গোচৰৰ ভিত্তিত ন্যায়ালয়ৰ এই ৰায়দান। ন্যায়ালয়ৰ অনুমতি অবিহনে ফলাফল ঘোষণা কৰিব নোৱাৰিব।  এটা ব্লেক লিষ্টেট কোম্পানীয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগ একাংশ প্ৰাৰ্থীৰ। পৰীক্ষা অনুষ্ঠিত কৰা কোম্পানীটো ব্লেক লিষ্টেট কৰিছিল এলাহবাদ হাইক’ৰ্টে।
0 চাও
3 মিনিটৰ আগতে
APSCৰ নিযুক্তিত পুনৰ আসোঁৱাহ
#

খবৰ

APSCৰ নিযুক্তিত পুনৰ আসোঁৱাহ - নিয়মীয়া বাৰ্তা
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ APSCৰ নিযুক্তিত পুনৰ আসোঁৱাহ। কৃষি উন্নয়ন বিষয়া নিযুক্তি প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০১৮ বৰ্ষতেই প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত চলিত বৰ্ষৰ ৩০ জানুৱাৰীত APSC-এ ঘোষণা কৰিছিল কৃষি উন্নয়ন বিষয়া পদৰ ১১৫জনীয়া এখন প্ৰাৰ্থীৰ তালিকা।      কিন্তু বিতৰ্কই লগ নেৰা APSCৰ বিৰুদ্ধে যোগ্য আৰু অভিজ্ঞতাসম্পন্ন প্ৰাৰ্থীক নম্বৰ নিদিয়াকে ধৰি …
0 চাও
4 মিনিটৰ আগতে
ড'নাল্ড ট্ৰাম্পৰ মূৰ্তি প্ৰস্তুত কৰি ভগৱানৰ দৰে পূজা কৰিছে এজন ভাৰতীয়ই, কোন তেওঁ ?
#

ৰাষ্ট্ৰীয় সংবাদ

ড'নাল্ড ট্ৰাম্পৰ মূৰ্তি প্ৰস্তুত কৰি ভগৱানৰ দৰে পূজা কৰিছে এজন ভাৰতীয়ই, কোন তেওঁ ? - নিয়মীয়া বাৰ্তা
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহা ২৪ ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণলৈ আহিব । এই যাত্ৰাত তেওঁক সংগ দিব তেওঁৰ পত্নী তথা আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পে । এই ভাৰত ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে দিল্লীৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ গৃহচহৰ গুজৰাটৰ আহমেদাবাদো ভ্ৰমণ কৰিব । ইপিনে তেওঁক আদৰিবলৈ বৰ্তমান যুদ্ধংদেহী প্ৰস্তুতি চলা দেখা গৈছে । …
38 চাওক
32 মিনিটৰ আগতে
দেউতাকৰ দৰেই খেলপথাৰত চমক জুনিয়ৰ দ্রাবিড়ৰ; গঢ়িলে দ্বিশতক
#

খবৰ

দেউতাকৰ দৰেই খেলপথাৰত চমক জুনিয়ৰ দ্রাবিড়ৰ; গঢ়িলে দ্বিশতক - নিয়মীয়া বাৰ্তা
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ ক্ৰিকেটৰ খেলপথাৰত ‘দ্যা ৱাল’ নামেৰে পৰিচিত ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্রাবিড়ৰ সন্তান সমিত দ্রাবিড়েও যেন পিতৃৰ পথকে সাৰোগত কৰিছে । ১৪ বছৰ অনুৰ্ধৰ এখন ক্ৰিকেট খেলত জুনিয়ৰ দ্রাবিড়ে দুমাহৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । উল্লেখ্য যে ১৪ বছৰীয়া জুনিয়ৰ দ্রাবিড়ে সোমবাৰে ১৪ বছৰ অনুৰ্ধ বিটিআৰ টুৰ্ণামেণ্টত …
70 চাওক
33 মিনিটৰ আগতে
গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ অৰবিন্দ কেজৰিৱালৰ
#

খবৰ

গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ অৰবিন্দ কেজৰিৱালৰ - নিয়মীয়া বাৰ্তা
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক । দুয়োৰে এই সাক্ষাতৰ সময়ত বহু কেইটা গুৰুত্বপূৰ্ণ কথাৰ ওপৰতো আলোচনা কৰা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে । এই সন্দৰ্ভত কেজৰিৱালে সাংবাদিকৰ আগত কয় যে – “আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে খুব ভাল সাক্ষাৎ আছিল । এই সময়ছোৱাত আমি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত …
61 চাওক
33 মিনিটৰ আগতে
লিট্টি চৌখা, ছাট্টু আৰু কুলহাদ চাহৰ জুতি ল'লে প্ৰধানমন্ত্ৰীয়ে
#

খবৰ

লিট্টি চৌখা, ছাট্টু আৰু কুলহাদ চাহৰ জুতি ল'লে প্ৰধানমন্ত্ৰীয়ে - নিয়মীয়া বাৰ্তা
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ দিল্লীৰ ৰাজপথত অনুষ্ঠিত হৈ থকা হুনাৰ হাটত আকস্মিকভাৱে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । বুধবাৰে প্ৰধানমন্ত্ৰীগৰাকীক কাষতে পায় উৎফুল্লিত হৈ পৰে হুনাৰ হাটৰ সকলো লোক । সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ উদ্যোগত অনুষ্ঠিত হৈ আছে এই হুনাৰ হাট । ৫০ মিনিট প্ৰধানমন্ত্ৰীগৰাকীয়ে অতিবাহিত কৰে হুনাৰ হাটত । হুনাৰ হাটত উপস্থিত হৈ লিট্টি চৌখা …
68 চাওক
1 ঘন্টাৰ আগত
নতুন দোকান খুলিলে পুৰণা দোকানৰহে বিক্ৰী ভাল হয়ঃ অতুল বৰা
#

খবৰ

নতুন দোকান খুলিলে পুৰণা দোকানৰহে বিক্ৰী ভাল হয়ঃ অতুল বৰা - নিয়মীয়া বাৰ্তা
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অসমত ‘কা’বিৰোধী আন্দোলন অব্যাহত থকাৰ মাজতে অগপ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ বিস্ফোৰণ । মাত্ৰ ১৫ দিন আন্দোলন কৰি ৰাজনৈতিক দল গঠন কৰিব বিচৰা বিষয়টো অসমৰ ৰাইজে বিচাৰ কৰিব বুলিও মন্তব্য কৰে অগপ সভাপতিগৰাকীয়ে । বুধবাৰে গোলাঘাটত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নতুন ৰাজনৈতিক দল গঠন বিষয়টোত সোচ্চাৰ হৈ পৰে কৃষিমন্ত্ৰী গৰাকী …
97 চাওক
2 ঘন্টাৰ আগত
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
আনফ'ল'
কপি লিংক
ৰিপোৰ্ট
ব্লক
মই ৰিপোৰ্ট কৰিব বিচাৰো,কাৰণ