অসমীয়া ভাষা নাজানিলে নাপায় চাকৰি
#

অসমীয়া ভাষা নাজানিলে নাপায় চাকৰি

Piku Bhai
#অসমীয়া ভাষা নাজানিলে নাপায় চাকৰি #অসমীয়া ভাষা নাজানিলে নাপায় চাকৰি
24 চাওক
1 মাহৰ আগতে
#

অসমীয়া ভাষা নাজানিলে নাপায় চাকৰি

Piku Bhai
#অসমীয়া ভাষা নাজানিলে নাপায় চাকৰি #অসমীয়া ভাষা নাজানিলে নাপায় চাকৰি
5 চাওক
1 মাহৰ আগতে
অসমীয়া ভাষা লিখিব নোৱাৰিলে অসমত চাকৰি নাপাব; মেট্ৰিকত MIL থাকিব লাগিবঃ হিমন্ত বিশ্ব শৰ্মা জনতা ভৱনত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে। ‘শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ অসম চৰকাৰে গ্ৰহণ কৰিব। ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব।’- JNUৰ প্ৰাক্তন ছাত্ৰ শ্বাৰ্জিল ইমামে অসম আৰু উত্তৰ-পূবক লৈ কৰা বিতৰ্কিত মন্তব্যক লৈ সংবাদমেলত এই কথা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।‘বড়ো শান্তি চুক্তিৰ প্ৰচাৰিত বিভ্ৰান্তিকৰ বাতৰি সম্প্ৰচাৰিত হৈছে। অসমৰ ঐক্য সংহতি অখণ্ডতা কোনো প্ৰকাৰে বিঘ্নিত নহয় বড়ো শান্তি চুক্তিৰ নামত। শান্তি চুক্তিৰ নামত বড়োলেণ্ডত কোনো নতুন গাঁও, কোনো নতুন এলেকা অন্তৰ্ভুক্ত নহয়।’- বড়ো চুক্তিক লৈ সংবাদমেলত এই মন্তব্য হিমন্ত বিশ্বৰ।শিক্ষা বিভাগৰ বহু আঁচনিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। ‘এতিয়াৰ পৰা ৪ যোৰ কৈ ইউনিফর্ম যোগান ধৰিব শিক্ষা বিভাগে। নৱম আৰু দশম মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো যোগান ধৰা হ’ব ইউনিফর্ম পাব। ২ যোৰ কৈ পাব ইউনিফর্ম লাভ কৰিব। অতি শীঘ্ৰে ১৫০০০ হাজাৰ প্ৰাথমিক শিক্ষাত নতুন নিযুক্তি দিয়াৰ কথাও ঘোষণা মন্ত্ৰী শৰ্মাৰ। এপ্ৰিল মাহত দিয়া হ’ব নিযুক্তি। মাধ্যমিকত ৮ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’ব। মুঠ ২৩ হাজাৰ নিযুক্তি দিয়া হ’ব এপ্ৰিল মাহত। ৪,৯৯৩ খন বিদ্যালয় প্ৰাদেশীকৰণ কৰা হ’ব ব’হাগ বিহুৰ আগত।স্কুল মেনেজমেণ্ট কমিটিক মোকলাই দিয়া হ’ব ৯৬২ কোটি টকা। স্কুলৰ আন্তঃগাঁথনি নিৰ্মাণ-মেৰামতিৰ বাবদ ব্যয় হ’ব এই ধন। আগন্তুক ৬ মাহত ১ লাখ শিক্ষক আৰু ৬০ হাজাৰ শিক্ষাৰ্থীক স্পৰ্শ কৰিব চৰকাৰে ঘোষণা কৰা এই আঁচনিৰ দ্বাৰা। ১২ হাজাৰ অনিয়মীয়া শিক্ষক আছে ৰাজ্যত। সেইসকলৰ সমস্যাও সমাধান কৰাৰ সংকল্প আছে চৰকাৰৰ। সকলো ধৰণৰ ট্ৰেঞ্চফাৰ বন্ধ থাকিব এতিয়াৰে পৰা। কোনো ধৰণৰ শিক্ষক সংগঠনক সাক্ষাৎ নকৰে মন্ত্ৰীয়ে ঘোষিত আঁচনি ৰূপায়ণ নোহোৱা পৰ্যন্ত। সংবাদমেলত এই কথা ঘোষণা কৰিলে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।‘অসমীয়া ভাষা লিখিব নোৱাৰিলে অসমত চাকৰি নাপাব। মেট্ৰিকত MIL থাকিব লাগিব। মুখেৰে অসমীয়া ক’ব পৰিলেও লিখিব নোৱাৰিলে নাপাব চৰকাৰী চাকৰি।’- সংবাদমেলযোগে এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে।
#

অসমীয়া ভাষা নাজানিলে নাপায় চাকৰি

অসমীয়া ভাষা নাজানিলে নাপায় চাকৰি - Pais - ShareChat
502 চাওক
1 মাহৰ আগতে
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post