গুৱাহাটীত প্ৰতিবাদ
#

গুৱাহাটীত প্ৰতিবাদ

বৰঝাৰত আবদ্ধ সোণোৱাল  নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ বৰঝাৰ বিমানবন্দৰত আবদ্ধ হৈ আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । হেলিকপ্টাৰ যোগে তেজপুৰৰ পৰা বৰঝাৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী গৰাকী । এঘণ্টা ধৰি বিমানবন্দৰৰ ভিআইপি লাউঞ্জত আবদ্ধ হৈ আছে মুখ্যমন্ত্ৰীগৰাকী । প্ৰতিবাদকাৰীৰ ৰোষত পৰাৰ ভয়ত এতিয়া বিমানবন্দৰতে আছে মুখ্যমন্ত্ৰী গৰাকী ।
190 চাওক
1 মাহৰ আগতে
#

গুৱাহাটীত প্ৰতিবাদ

মহানগৰীৰ বিভিন্ন ঠাইত ভয়াৱহ যানযঁট। কটন বিশ্ববিদ্য়ালয়, সন্দিকৈ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ।পাণ্ডু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে জালুকবাৰীত অৱৰোধ কৰে ঘাইপথ। লগতে জি.এছ ৰোডতো প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ সংঘাত। উত্তেজিত প্ৰতিবাদকাৰীক ছত্ৰ ভংগ দিয়াবলৈ  আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগ।
87 চাওক
1 মাহৰ আগতে
#

গুৱাহাটীত প্ৰতিবাদ

ৰাজ্যজুৰি প্ৰতিবাদঃ আৰক্ষীৰ লাঠীচালনা, গুলীবৰ্ষণ নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ । সোমবাৰে লোকসভাত এই বিধেয়ক গৃহীত হোৱাৰ পাচতে এতিয়া উত্তপ্ত হৈ পৰিছে অসম । সমান্তৰালকৈ গুৱাহাটীত প্ৰতিবাদ অব্যাহত ৰাখিছে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণজনে । বুধবাৰে গুৱাহাটী মহানগৰীৰ মাজেৰে এক প্ৰতিবাদ সমদল বাহিৰ কৰে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ জনতাই । মূলতঃ দিছপুৰলৈ বুলি ওলোৱা এই সমদল ৰোধিবলৈ আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধা নেওচি আগবাঢ়ি যায় সমদল ।  উল্লেখ্য যে, এই সমদল জি এছ ৰোডৰ খ্ৰীষ্টানবস্তিত আহি উপস্থিত হোৱাৰ পিচতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰাৰ লগতে শূন্যলৈ গুলীবৰ্ষণ কৰে । ইয়াৰ পাচতেই প্ৰতিবাদকাৰী সকলে সেই স্থান ত্যাগ কৰে যদিও পুনৰ প্ৰতিবাদকাৰী সকলে সমদল কৰি অব্যাহত ৰাখিছে কেব বিৰোধী প্ৰতিবাদ ।  গুৱাহাটী মহানগৰীৰ লগতে এতিয়া উজনিৰ পৰা নামনিলৈ প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জনতাই কেব বাতিলৰ দাবীত অব্যাহত ৰাখিছে প্ৰতিবাদ । পথ অৱৰোধ, প্ৰতিকৃতি দাহ ,ধৰ্মঘট , জোঁৰ সমদলৰ মাজেৰে ক্ষোভিত জনগণে প্ৰদৰ্শন কৰিছে গণতান্ত্ৰিক অধিকাৰ আঁজুৰি অনাৰ সংগ্ৰাম ।
79 চাওক
1 মাহৰ আগতে
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post