🌠 ধৰ্মীয় ফটো

🌠 ধৰ্মীয় ফটো

#

ধাৰ্মীয় ফটো

ৰামায়ণৰ এটি আখ্যান ( উপদেশমূলক) "যুদ্ধ শেষ। ৰাৱণ পৰাজিত আৰু মৃত্যুশয্যাত। সেই সময়তে শ্ৰীৰামচন্দ্ৰই ভাতৃ লক্ষ্মণক ক’লে "ভাই লক্ষ্মণ , ৰাৱণ আমাৰ শত্ৰু হ’লেও তেওঁ মহাজ্ঞানী, বিচক্ষণ ৰাজনীতিজ্ঞ আৰু মহা বলশালী পুৰুষ। তুমি ৰাৱণৰ ওচৰলৈ যোৱা আৰু জীৱন সম্বন্ধে কিছু জ্ঞান লাভ কৰি আহা " লক্ষ্মণে ভ্রাতৃ আজ্ঞা পালন কৰি তৎক্ষণাৎ ৰাৱণৰ ওচৰলৈ গ’ল , আৰু ৰাৱণৰ শয্যাৰ শিতানৰ ফালে বহু সময় ধৰি ৰৈ থাকিল। কিন্তু ৰাৱণে চকু মুদিয়ে পৰি থাকিল , চকু মেলাৰ কোনো লক্ষণেই দেখা নাপালে লক্ষ্মণে । বহু দেৰি অপেক্ষাৰ পিছতো ৰাৱণে একো নোকোৱা দেখি লক্ষ্মণ ঘুৰি আহি ভাতৃ ৰামচন্দ্ৰৰ কাষ পালেহি , আৰু ৰাৱণে যে একো ন’কলে কথাটো জনালে ৷ ৰামে পৰম শান্তভাৱে সুধিলে তুমি ৰাৱণৰ শয্যাৰ কোনফালে থিয় হৈছিলা ? "মূৰ শিতানৰ ফালে " লক্ষ্মণে উত্তৰ দিলে ৷ ৰামে তেতিয়া লক্ষ্মণক বুজালে , চোৱা লক্ষ্মণ তুমি যেতিয়া জ্ঞান লাভৰ বাবে গৈছা তুমি সদায় তেওঁৰ চৰণৰ ফালে অৱস্থান কৰিব লাগে শিৰৰ ফালে নহয় ৷ বিনম্ৰতাত হে জ্ঞান প্ৰাপ্তি হয় অহংকাৰত নহয় ৷ তুমি শিৰৰ ফালে ঠিয় হোৱাৰ বাবে মহাজ্ঞানী ৰাৱণে ঠিকেই ধৰিব পাৰিলে যে শত্ৰু জ্ঞান কৰিয়ে তুমি অহংকাৰ বা বিদ্বেষ ত্যাগ কৰিব পৰা নাই ৷ এতিয়া যোৱা আৰু তেওঁৰ পদস্থানৰ ফালে অপেক্ষা কৰা ৷ লক্ষ্মণ আহি এইবাৰ ৰাৱণৰ শয্যাৰ পথানৰ ফালে হাতযোৰ কৰি অতি বিনম্ৰতাৰে বহুসময় ধৰিঅপেক্ষা কৰি ৰ’ল ৷ লাহে লাহে ৰাৱণে চকু মেলিলে ৷ চকু মেলিয়ে লক্ষ্মণক দেখি ৰাৱণে ক’বলৈ ধৰিলে " তুমি কিয় মোৰ ওচৰলৈ আহিছা মই গম পাইছোঁ ৷ তোমাক ভালপাওঁ বুলিয়ে তিনিটা বৰ গুৰুত্বপূৰ্ণ কথা মই তোমাক কৈ যাওঁ ৷ এইকথা কেইটা সৰ্বদা ,সৰ্বক্ষণে মনত ৰাখিবা আৰু পালন কৰিবা ৷ ১. হোৱাট্চ এপ্ যথাসম্ভব পৰিহাৰ কৰি চলিবা ৷ উন্নতি হ’ব ৷ পাৰিবাৰিক শান্তি থাকিব ৷ ২. সকলো সময়তে ফেচবুক কৰি নাথাকিবা ৷ জীৱনৰ বহু মুল্যবান সময় আৰু বহু মূল্যবান বস্তু অকল ফেচবুক কৰি থাকিলে হেৰুৱাব লগা হ’ব পাৰে ৷ ৩. জিঅ’ চিমৰ পাল্লাত কেতিয়াও নপৰিবা ৷ ই কেতিয়াবা বিৰহ বেদনা ক্ৰোধ ইত্যাদি উপসৰ্গৰ দ্বাৰা ধ্বংস মাতি আনিব পাৰে ৷ গতিকেএই কথা তিনিটা সদায় মনত ৰাখি চলিবা জীৱন আনন্দৰে ভৰি পৰিব । লগতে এই বিষয়ে তোমাৰ বন্ধু/বান্ধৱী সকলকো অৱগত কৰাবা । আখ্যান ভাগ ধৈৰ্য্য সহকাৰে পঢ়ি শেষ কৰাৰ বাবে ধন্যবাদ জনালোঁ ৷ এতিয়া আপুনিও আপোনাৰ বন্ধুবৰ্গক এই বিষয়ে জনাওক । বি:দ্ৰু: #লক্ষ্মণৰ ফেচবুক ৱালৰ পৰা সংগৃহীত
6k views
6 months ago
No more posts
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post