অতি সোনকালে ভাৰতত 5G
#

অতি সোনকালে ভাৰতত 5G

GSAT-30 : 5G ইণ্টাৰনেটৰ বিশ্বত উৰিব ভাৰতৰ ধ্বজা, ট্ৰান্সমিশ্যন আৰু DTH সেৱাও হ’ব উন্নতভাৰতে সফলভাৱে মহাকাশলৈ উৎক্ষেপণ কৰিলে যোগাযোগ সম্পৰ্কীয় উপগ্ৰহ জিছেট 30। বৃহস্পতিবাৰে নিশা ফ্ৰেন্স গুয়ানাৰ পৰা উৎক্ষেপন কৰা হয় এৰিয়ান ৫ উপগ্ৰহটো। এই উপগ্ৰহই উচ্চ মানসম্পন্ন টেলিভিশ্যন, যোগাযোগ তথা সম্প্ৰচাৰ সেৱা উপলব্ধ কৰাব।ISRO–এ জানিবলা দিয়া মতে, জিছেট–30 ভাৰতীয় সময় অনুসৰি নিশা ২.৩৫ বজাত দক্ষিণ আমেৰিকাৰ উত্তৰ–পূব উপকূলৰ কৌৰোৰ এৰিয়াৰ উৎক্ষেপণ চৌহদৰ পৰা উৎক্ষেপণ কৰা হয়।এৰিয়ান 5 যানখনে প্ৰায় ৩৮ মিনিটৰ পিছত উপগ্ৰহটোক কক্ষপথত স্থাপন কৰে। ISRO–এ টুইটাৰযোগে প্ৰকাশ কৰে – ‘জিছেট 30 এৰিয়ান 5ৰ ওপৰ অংশৰ পৰা সফলভাৱে পৃথক হৈ পৰিছে।’GSAT-30 ৰ বিশেষত্ব>> GSAT-30ৰ ওজন প্ৰায় ৩১ কিলোগ্ৰাম। ISROৰ মতে, GSAT-30 উপগ্ৰহ INSAT-4ৰ স্থানত কাম কৰিব। ইয়াৰ কভাৰেজ ক্ষমতা INSAT-4তকৈ অধিক হ’ব।>> GSAT-30 ১৫ বছৰ ধৰি পৃথিৱীৰ ওপৰত ভাৰতৰ হৈ কাম কৰি থাকিব। ইয়াৰ জৰিয়তে ভাৰত যোগাযোগ সেৱাৰ ক্ষেত্ৰত অধিক শক্তিশালী হ’ব।>> এই উপগ্ৰহটো DTH, টেলিভিছন আপলিংক আৰু ভিছেট সেৱাৰ যোগাযোৰ বাবে ব্যৱহাৰ কৰা হ’ব।>> GSAT-30ৰ পৰা দুৰ্যোগৰ পূৰ্বানুমান আৰু উদ্ধাৰ অভিযানৰ তথ্য সহজে লাভ কৰিব পৰা যাব।>> GSAT-30ৰ কমিউনিকেচন পেলোডৰ সহায়ত টেলিপ’ৰ্ট সেৱা, DSNGৰ দৰে সেৱাৰ সহায়ক হ’ব। বতৰ সম্বন্ধীয় তথ্য সংগ্ৰহতো ব্যৱহাৰ হ’ব এই উপগ্ৰহ।
423 চাওক
1 দিনৰ আগতে
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post